মৰ্মান্তিক! হদহদী জলপ্ৰপাতত সন্ধানহীন দুই যুৱকৰ মৃতদেহ উদ্ধাৰ…

শুকুৰবাৰে বিয়লি নগাঁৱৰ চামগুৰিৰ হদহদী জলপ্ৰপাতত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি সন্ধানহীন হৈছিল দুজন যুৱক।

নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত লুংচুং চাহ বাগিচাৰ সমীপৰ হদহদী জলপ্ৰপাতত সমনীয়াৰ সৈতে ফুৰিবলৈ গৈছিল দুয়োজন।

পানীত গা ধুই থকা অৱস্থাত ডুব যোৱা নগাঁৱৰ লাওখোৱাৰ মিন্টু শ্বাহৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈছিল একেলগে যোৱা গুৱাহাটীৰ পাথৰকুচিৰ পংকজ চাহানীয়ে।

ইয়াৰ পাছতেই দুয়ো পানীত ডুবি সন্ধানহীন হয়।

যুৱক দুজন নিৰুদ্দেশ হোৱাৰ খবৰ প্ৰকাশ লাভ কৰাৰ পাছতে ঘটনাস্থলীত চামগুৰি থানাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও শুক্ৰবাৰে সন্ধিয়া হোৱা বাবে উদ্ধাৰ অভিযান স্থগিত ৰাখিব লগা হয়।

শনিবাৰে পুৱাৰে পৰা চামগুৰি আৰক্ষীৰ উপস্থিতিত SDRFয়ে উদ্ধাৰ অভিযান চলায় আৰু অৱশেষত নগাঁৱৰ মিন্টু শ্বাহ আৰু গুৱাহাটীৰ ‌পংকজ চাহানীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতে হদহদী জলপ্ৰপাতস্থলীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Leave a Comment