মৰ্মান্তিক! স্বামীৰ মৃত্যুৰ এসপ্তাহ নৌহঁওতেই দেহাৱসান শিক্ষয়িত্ৰী পত্নীৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনাই জােকৰি গ’ল যােৰহাট জিলাৰ মৰিয়নী।

স্বামীৰ মৃত্যুৰ এসপ্তাহ নৌহঁওতেই প্ৰাণ ত্যাগ কৰিলে শােকস্তব্ধ শিক্ষয়িত্ৰী পত্নীয়ে।

মাত্ৰ কেইটামান দিনৰ ভিতৰতে ছাৰখাৰ হৈ পৰিল এটা পৰিয়াল।

2 1
প্ৰয়াত শিক্ষয়িত্ৰী মৌচুমী গগৈ

উল্লেখ্য যে মৰিয়নীৰ নকছাৰী মাছখোৱা নিবাসী তথা বিশিষ্ট নাট্যকাৰ, গৱেষক ড° জিন্টু হাজৰিকাৰ যোৱা ২৩ জানুৱাৰীৰ নিশা আকস্মিক মৃত্যু ঘটিছিল।

বিগত কিছুদিন ধৰি তেওঁ জটিল ৰােগত ভুগি আছিল।

তেওঁৰ মৃত্যুৰ ঘটনাই অঞ্চলবাসীক ম্রিয়মাণ কৰি তোলাৰ পিচত শনিবাৰে তেওঁৰ পত্নী তথা শিক্ষয়িত্রী মৌচুমী গগৈৰাে আকস্মিক মৃত্যু ঘটে।

এটা পৰিয়ালৰে উচ্চ শিক্ষিত স্বামী-স্ত্ৰীৰ এনে মৃত্যুৱে পুনৰবাৰ ব্যথিত কৰি তুলিছে বৃহত্তৰ মৰিয়নীবাসীক।

3
প্ৰয়াত স্বামী ডঃ জিন্টু হাজৰিকা, একমাত্ৰ পুত্ৰৰ সৈতে মৌচুমী গগৈ

জানিব পৰামতে, প্রয়াত মৌচুমী পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে আবেলিলৈকে তেওঁৰ স্বাস্থ্য ঠিকেই আছিল যদিও নিশা হঠাৎ অসুস্থ হৈ পৰে।

পুৱতি নিশা ততাতৈয়াকৈ যোৰহাটৰ খ্ৰীষ্টিয়ান মিছন হাস্পতালত ভর্তি কৰোৱা হয় কিন্তু দুৰ্ভাগ্যবশতঃ দুপৰীয়া প্ৰায় ১.৩০ বজাত শেষ নিস্বাস ত্যাগ কৰে।

1
প্ৰয়াত ডঃ জিন্টু হাজৰিকা

উল্লেখ্য যে ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ মৌচুমী গগৈ বি এড পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিল।

সম্প্ৰতি পূব নকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ চাকৰি কৰি আছিল প্রয়াত মৌচুমীয়ে।

এগৰাকী ভাল কণ্ঠশিল্পীও আছিল প্রয়াত মৌচুমী।

উল্লেখযোগ্য যে প্রায় ছমাহ পূৰ্বে মৌচুমীৰ পিতৃ জীৱেশ্বৰ গগৈৰো মৃত্যু হৈছিল।

মৃত্যুৰ সময়ত মৌচুমীয়ে প্রায় ১৩ বছৰীয়া একমাত্র পুত্ৰক ইহ সংসাৰত এৰি থৈ গৈছে।

ছটা দিনৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিঠৰুৱা হৈ পৰিল কণমানি সন্তানটি।

Leave a Comment