মৰ্মান্তিক! স্নানাগাৰত বিদ‍্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ১৪ বছৰীয়া দ্বীপশিখাই…

এক অতি কৰুণ ঘটনা।

স্নানাগাৰত বিদ‍্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে।

মাজুলীত সংঘটিত হৈছে এই শোকৱাহ ঘটনা।

কৰুণ মৃত্যুক আকোঁৱালি লোৱা ছাত্ৰী গৰাকী জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত ভকতিদুৱাৰ গাৱৰ বিপুল শইকীয়াৰ জীয়াৰী দ্বীপশিখা শইকীয়া বুলি জানিব পৰা গৈছে।

photo 2022 07 05 14 16 48
মৰ্মান্তিক! স্নানাগাৰত বিদ‍্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ১৪ বছৰীয়া দ্বীপশিখাই... 4

উজনি মাজুলীৰ ভকতিদুৱাৰ গাঁৱৰ দ্বীপশিখাই স্নানাগাৰত গা ধুই থকা অৱস্থাতে তাত সংলগ্ন হৈ থকা গিজাৰত বিদ‍্যুৎপৃষ্ট হৈ প্ৰাণ হেৰুৱাই

ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ‍্যয়নৰত দ্বীপশিখাৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ১৪ বছৰ।

অতি অমায়িক তথা মেধাৱী ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।

ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট, ভকতিদুৱাৰ যুৱক সংঘ, মাজুলী জিলা মইনা পাৰিজাত আদিয়ে দীপশিখাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! ভূঁই ৰুই থকা অৱস্থাতে বজ্ৰপাতত কৰুণ মৃত্যু মহিলাৰ

254
মৰ্মান্তিক! স্নানাগাৰত বিদ‍্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ১৪ বছৰীয়া দ্বীপশিখাই... 5

সুদূৰ ছুইডেনৰ পৰা আহি নলবাৰীৰ বোৱাৰী হ’ল এলিভিয়া, আয়তীৰ উৰুলিৰে মুখৰিত গোৱৰাদল

253
মৰ্মান্তিক! স্নানাগাৰত বিদ‍্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ১৪ বছৰীয়া দ্বীপশিখাই... 6