মৰ্মান্তিক! তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে ধান কাটিবলৈ যোৱা পতি-পত্নীক…

এক শোকাৱহ ঘটনা।

তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে ধান কাটিবলৈ যোৱা পতি-পত্নীক

গোৱালপাৰা জিলাৰ ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা।

ধান কাটিবলৈ গৈ থকা মুহূৰ্ততে ৰে’লে কাটিলে পতি-পত্নীক।

নিহত দ্বয় ক্ৰমে, ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫)।

নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো।

বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল।

নতুন পথেৰে ৰে’ল চলাচল আৰম্ভ হোৱাৰ কথা গম নপোৱাৰ ফলতেই সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো।