‘ময়ো যোগদান কৰিম’- আলফা(স্বা) সংক্ৰান্তীয় নিউজত কমেণ্ট কৰি দুমাহ ধৰি কাৰাগাৰত নৱজ্যোতি

ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰাৰ পিছতে অৱশেষত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল বৰ্ষাশ্ৰী।

ফেচবুকত আলফাৰ সমৰ্থনত কবিতা লিখি দুমাহৰো অধিক সময় কাৰাগাৰত পাৰ কৰে বৰ্ষাশ্ৰীয়ে।

অনুৰূপ ধৰণে এইবাৰ ফেচবুকত প্ৰকাশিত আলফা (স্বা) সংক্ৰান্তীয় এটা নিউজৰ তলত কমেণ্ট দি কাৰাগাৰত দিন কটাইছে এজন যুৱকে।

‘ময়ো যোগদান কৰিম’ বুলি কমেণ্ট কৰি দুমাহ ধৰি কাৰাগাৰত দিন পাৰ কৰিছে যোৰহাটৰ খুটিয়াপোটাৰ নৱজ্যোতি দাস নামৰ এজন যুৱক।

নৱজ্যোতিক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল যোৱা মে’ মাহতে।

কিন্তু এই সন্দৰ্ভত নতুনকৈ কোনো গোচৰ ৰুজু নকৰি নৱজ্যোতিক আৰক্ষীয়ে ২০১৯ চনতে ৰুজু হৈ থকা আলফা (স্বা) সংক্ৰান্তীয় এটা পৃথক গোচৰতহে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।

যোৰহাট আৰক্ষীৰ এই কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত।

নৱজ্যোতিৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে আহি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বাহিৰত উচিত ন্যায়ৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছিল। কিন্তু গা লৰা নাছিল আৰক্ষীৰ।

অসম আৰক্ষীত যোগদান কৰিবলৈ ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰখা নৱজ্যোতি যোৰহাট আৰক্ষীৰ মতে এগৰাকী দুৰ্ধৰ্ষ আলফা (স্বা)ৰ সদস্য। সেয়েহে বিগত প্ৰায় দুমাহ ধৰি জে’লত দিন কটাইছে নৱজ্যোতিয়ে।

আনহাতে, নৱজ্যোতিৰ জামিনৰ কোনো উৱাদিহ নেপাই বিমোৰত পৰা পৰিয়ালৰ লোক।

সেয়ে নৱজ্যোতিৰ মাতৃ আৰু ভাতৃয়ে আৰক্ষী আৰু চৰকাৰলৈ নৱজ্যোতিক মুক্তি দিয়াৰ বাবে কাতৰ আহ্বান জনাইছে।