মোক মানুহে মাৰি পেলাব বুলি ভাবিছিলো, নিৰাপত্তাহীনতাত ভুগি মই আঁতৰি আছিলোঃ ৰাহুল চেত্ৰী

অৱশেষত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী।

লেখাপানী থানাত আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাহুলক।

গ্ৰেপ্তাৰৰ পিছতে নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা ৰাহুল ছেত্ৰীৰ।

ৰাহুলে কয়- ‘এই ঘটনাত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কেনেকৈ মোৰ নাম সাঙোৰ খাইছে মই নিজে আচৰিত হৈছো। যোৱা কিছুদিনত ধূৱলি–কুঁৱলী পৰিৱেশৰ সৃষ্টি হ’ল, যাৰ বাবে মই আঁতৰি থাকিব লগা হ’ল। মোক এজন ধুৰন্ধৰ অপৰাধী হিচাপে দেখুওৱা হ’ল। সামাজিক মাধ্যমত কয়লা মাফিয়া ৰূপে দেখুওৱা হৈছে।’

লগতে কয়- ‘মোক মানুহে মাৰি পেলাব বুলি ভাবিছিলো। এনকাউণ্টাৰ কৰিব বুলি ভাবিছিলো। নিৰাপত্তাহীনতাত ভুগি মই আঁতৰি আছিলো। এতিয়া মই আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব বিচাৰো। যাৰ বাবে মই ওলাই আহিছো।’

ৰাহুলে কয়- ‘এই ৰেগিং কাণ্ডৰ তদন্ত হওক, সত্য আৰু ন্যায় প্ৰতিষ্ঠা হওক। ময়ো ন্যায় বিচাৰিছো আৰু আনন্দ শৰ্মায়ো ন্যায় পাওক।’