শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ।
প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি।
মুক্ৰো কাণ্ডক লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ।
‘চেভ হাইনিৱট্ৰেপ মিছন’ৰ উদ্যোগত শনিবাৰে শ্বিলঙত প্ৰতিবাদত সাব্যস্ত কৰে।
লগতে প্ৰতিবাদকাৰীসকলে শ্বিলঙৰ মুখ্যমন্ত্ৰী কনৰাড চাংগামৰ চৰকাৰী বাসভৱনৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে প্ৰতিবাদকাৰীসকলে দীৰ্ঘদিন ধৰি অমীমাংসিত সীমান্ত বিবাদ সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক তীব্ৰ গৰিহণা প্ৰদান কৰে।
হাইনিৱট্ৰেপ যুৱ পৰিষদৰ (এইচৱাইচি) সাধাৰণ সম্পাদক ৰয় কুপাৰ চিনৰেমে কয়- ২২ নৱেম্বৰত মুক্ৰো গুলীচালনাৰ ঘটনাটো আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ বাবে কেন্দ্ৰ আৰু অসম-মেঘালয় চৰকাৰৰ উদাসীনতাৰ ফল।









