অসম

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাত উঠি অভিনৱ প্ৰতিবাদ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ নামিল প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰপি শৰ্মা। মহানগৰীত ঘোঁৰাত উঠি মূল্যবৃদ্ধি আৰু হৰ্ছ ট্ৰেডিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একালৰ বিজেপি নেতাগৰাকীয়ে।

উল্লেখ্য যে, সমগ্ৰ দেশত এতিয়া সাধাৰণ জনতাৰ বাবে আতংকৰ এটা শব্দ হৈ পৰিছে মূল্যবৃদ্ধি। পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে এতিয়া যাত্ৰীবাহী বাছৰ ভাড়াও ৭০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

image 17

মূল্যবৃদ্ধিৰ এনে ভয়ংকৰ পৰিস্থিতিৰ বিৰুদ্ধে শুকুৰবাৰে মহানগৰীত ঘোঁৰাত উঠি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই। তদুপৰি ৰাজ্যসভা নিৰ্বাচনত চৰ্চালৈ ৰাজনীতিৰ হৰ্ছ ট্ৰেডিঙৰো প্ৰতিবাদ জনায় প্ৰাক্তন সাংসদগৰাকীয়ে।

দীঘলীপুখুৰীৰ পৰা উচ্চ ন্যায়ালয়লৈ ঘোঁৰাত উঠি আহি একালৰ বিজেপি নেতা তথা বৰ্তমানৰ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সাধাৰণ জনতা মূল্যবৃদ্ধিৰ ফলত কোঙা হৈ গ’লেও বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰীয়ে এতিয়া কেৰেপ নকৰে।

উত্তৰ প্ৰদেশকে ধৰি যেতিয়া কেইবাখনো ৰাজ্যৰ নিৰ্বাচন আছিল, তাৰ পূৰ্বে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰি জনতাক প্ৰলোভিত কৰিছিল বিজেপিয়ে। কিন্তু নিৰ্বাচন যোৱাৰ পিছত পুনৰ দাম বঢ়াই বঢ়াই সাধাৰণ জনতাক যন্ত্ৰণা ভূগাইছে বুলি মন্তব্য কৰে আৰ পি শৰ্মাই।

image 18

আনহাতে বিজেপিৰ বিৰুদ্ধে বিধায়ক ক্ৰয়ৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৬ চনত তেজপুৰ সমষ্টিৰ সাংসদ হৈ থকা সময়ত আৰ পি শৰ্মাই ঘোঁৰাত উঠি এবাৰ সংসদ ভৱনলৈ আহিছিল। তেতিয়া তেওঁ প্ৰদূষণ বৃদ্ধিৰ বিৰুদ্ধে এনেদৰে ঘোঁৰাত উঠি কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *