অসম

মাৰ্চৰ মাজভাগৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা…

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক।

২০২২ৰ মাৰ্চৰ মাজভাগৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাও অনুষ্ঠিত হ’ব একেই সময়তে।

১৫ মাৰ্চৰ পৰা এই পৰীক্ষা আৰম্ভ হোৱাৰ সম্ভাৱনা।

এপ্রিলৰ প্রথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ।

ইয়াৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া।

৩ জানুৱাৰীৰ পৰা প্রতি জিলাত আৰম্ভ হ’ব ভেকচিনেচন প্রক্রিয়া।

প্রতি জিলাত প্রতিদিনে ১৫খনকৈ বিদ্যালয় ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱাৰ লক্ষ্য।

এই সময়ছোৱাত অভিভাৱকেও ল’ব লাগিব দ্বিতীয় পালি ভেকচিন।

বৈঠকৰ অন্তত এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *