মাৰাডোনাৰ ঘড়ী চোৰ শিৱসাগৰৰ ৱাজিদ হুছেইনক জে’ললৈ প্ৰেৰণ।
শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৱাজিদ।
আদালতে জেললৈ প্ৰেৰণ কৰে ৱাজিদ হুছেইনক। কাইলৈ পুনৰ শুনানী হ’ব গোচৰটোৰ।
১১ ডিচেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰটোক। চাৰিদিন আৰক্ষীৰ জিম্মাত আছিল চোৰটো।
সম্প্ৰতি শিৱসাগৰ কাৰাগাৰৰ আলহী ৱাজিদ হুছেইন।
উল্লেখযোগ্য যে কিংবদন্তি ফুটবলাৰ প্ৰয়াত ডিয়াগো মাৰডোনাই পৰিধান কৰা এটা ঘড়ী চুৰি হৈছিল ডুবাইৰ পৰা।
বহু মূল্যৱান ঘড়ীটো ১১ ডিচেম্বৰত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
ঘড়ীটো ডুবাইৰ পৰা চুৰি কৰি অনা চোৰ ৱাজিদ হুছেইনকো সেইদিনাই গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰ আৰক্ষীয়ে।
১২ ডিচেম্বৰত আৰক্ষীয়ে ৱাজিদৰ মৰানৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছিল আন কেতবোৰ চুৰি সামগ্ৰী।
শিৱসাগৰ আৰক্ষীৰ চাৰি দিনৰ জিম্মাত থকা ৱাজিদক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হয় শিৱসাগৰৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত।









