মাদ্ৰাছাত জেহাদী কাৰ্যকলাপ! জমিউল হুদা মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলড’জাৰ…

জেহাদী কাৰ্যকলাপ চলা মাদ্ৰাছাত প্ৰশাসনৰ উচ্ছেদ অভিযান।

মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলড’জাৰ।

পুৱাই আৰক্ষী প্ৰশাসনৰ বৃহৎ দল এটাই বুলড’জাৰ, এক্সকেভেটৰ লৈ উচ্ছেদ চলালে জমিউল হুদা মাদ্ৰাছাখনত।

লগতে মাদ্ৰাছাখনৰ শিক্ষক তথা জেহাদী মুফটি মুস্তাফাৰ ঘৰতো চলাব উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২৮ জুলাইত আৰক্ষীয়ে আনছাৰুল বাংলা টীমৰ সদস্য মুফটি মুস্তাফাক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে মাদ্ৰাছাখন ছীল কৰি দিছিল।

আৰক্ষীৰ তথ্য মতে, মাদ্ৰাছখনত ২০১৯ চনৰ পৰাই বাংলাদেশী জেহাদীৰ অহা-যোৱা আছিল।

মুস্তাফাৰ লগতে বৰপেটা, বঙাইগাঁও, গুৱাহাটী আৰু মৰিগাঁৱত ১২জন জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষী অধিক কঠোৰ হৈ পৰিছে।