অসম

মাত্ৰ এনিশাৰ বাবে আজি স্বগৃহলৈ আহিব বজ্ৰকন্যা লাভলীনা বৰগোহাঁই…

আজি পুনৰ মাতৃভূমিলৈ আহিব বজ্ৰকন্যা লাভলীনা বৰগোহাঁই।

অলিম্পিকত পদক অৰ্জনৰ পাছত প্ৰথমবাৰলৈ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়াৰ আপোন ঘৰখনলৈ আহিব লাভলীনা।

অসমৰ গৌৰৱ লাভলীনাই মাত্ৰ এনিশা কটাব বাৰমুখীয়াৰ গাঁৱৰ ঘৰত।

আজি দিনৰ ২.১০ বজাত ডিমাপুৰৰ বিমানবন্দৰত উপস্থিত হ’বহি লাভলীনা।

১৮ আগষ্টৰ পুৱা পুনৰ উভতি যাব উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌলৈ।

পিতৃ টিকেন বৰগোহাঁইৰ সৈতে নতুন দিল্লীৰ পৰা আহি উপস্থিত হ’ব ডিমাপুৰৰ বিমানবন্দৰত আৰু তাৰ পৰাই গাঁৱৰ ঘৰলৈ যাব লাভলীনা।

সেই সময়তো অৱশ্যে পূৰ্বৰ দৰেই ৰাজ্যিক অতিথিৰ সন্মান থাকিব লাভলীনা বৰগোহাঁইৰ।

লাভলীনাক আদৰিবলৈ বৰপথাৰত এতিয়া ব্যাপক প্ৰস্তুতি।

বুধবাৰে লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিব লাভলীনা বৰগোহাঁয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *