মাজুলী নাও দুৰ্ঘটনাত নিহত হোৱা ইন্দ্ৰেশ্বৰ বৰা, পৰিমিতা দাসৰ পৰিয়াললৈ চৰকাৰী চাকৰি…

মাজুলীৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী আৰু পৰিমিতা দাসৰ ভগ্নীলৈ অসম চৰকাৰৰ চাকৰি।

ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক শিক্ষা বিভাগৰ তৃতীয় বিভাগত নিযুক্তি দিয়াৰ সিদ্ধান্ত।

লগতে পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসক SCERTৰ প্ৰবক্তা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ।

অসম চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী পিয়ুষ হাজৰিকাই কেবিনেটত ঘোষণা কৰে এই বিষয়ে।

কেবিনেটৰ আন আ সিদ্ধান্ত সমূহ হ’ল–

গুৱাহাটীৰ IITৰ সৈতে মিলি এখন চুপাৰ স্পেচিলিট হাস্পতাল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ।

পৌৰ নিগমত মহিলা বাবে সুৰক্ষিত ৱাৰ্ড সমূহ ৫বছৰৰ পৰিৱৰ্তে ১০বছৰ কৰা হৈছে।

৮খন জিলাত ৯ খনকৈ মহিলা মডেল মহাবিদ্যালয় স্থাপনৰ বাবে ২০৭.৯১ কোটি টকাৰ অনুমোদন।

৬খন চৰকাৰী মডেল কলেজ, ৩খন ইঞ্জিনিয়াৰিং কলেজৰ বাবে ৪৭৫কোটি টকা নিৰ্ধাৰণ।

জনস্বাস্থ্যত ২৯ হাজাৰ আঁচনিৰ জৰিয়তে ৬৩ লাখক পানী যোগান ধৰা হ’ব। 

এই আঁচনি ধাৰাবাহিক ভাবে চলাই নিবলৈ কেবিনেটত জলজীৱন আঁচনি চলাই নিবলৈ ২২ হাজাৰ যুৱকক 6500/ টকাকৈ বৰঙণিৰে নিয়োগ কৰা হ’ব।

Leave a Comment