অসম

মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ, বিজেপিৰ প্ৰাৰ্থীৰ অগ্ৰগতি…

মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ।

ৰাতিপুৱা আঠ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া।

আৰম্ভণিতে বেলট পেপাৰৰ ভোট গণনা কৰা হয়।

পোষ্টেল বেলট গণনাত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ভুবন গাম।

১৪ খন টেবুলত ১৪ টা ৰাউণ্ডত মাজুলী উপ-নিৰ্বাচনৰ ভোট গণনা চলি আছে।

উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভূৱন গাম, অসম জাতীয় পৰিষদৰ চিত্ত বসুমতাৰী আৰু এছ ইউ চি আই (চি)ৰ ভাইটি ৰিচঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

মূল প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু এজেপিৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছে যদিও প্ৰাৰম্ভিক তথ্য অনুসৰি ভূৱন গামে চিত্ত বসুমতাৰীতকৈ প্ৰায় ২০০ ভোটত অগ্ৰগতি লাভ কৰি আছে।

উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচন।

৬৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *