মহানগৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডঃ হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ২লাখ টকাৰ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ

গুৱাহাটী মহানগৰীত দিন দুপৰতে সংঘটিত ৰঞ্জিত বৰা হত্যাকাণ্ডক লৈ অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান।

৭২ ঘণ্টাৰ পিছতো সন্ধান নোলাল ৰঞ্জিত বৰা হত্যাকাৰীৰ শুংসূত্ৰ।

যাৰ বাবে হত্যাকাৰীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে মহানগৰ আৰক্ষীয়ে।

সন্ধান দিওঁতালৈ ২লাখ টকাৰ পুৰস্কাৰ ঘোষণা মহানগৰ আৰক্ষীৰ।

এক টুইটযোগে মহানগৰ আৰক্ষীয়ে সদৰি কৰিছে এই কথা।

লগতে সন্ধান দিওঁতাৰ পৰিচয় গোপনে ৰখা হ’ব বুলি টুইটত উল্লেখ কৰিছে আৰক্ষীয়ে।

যাৰ বাবে এটা হোৱাটছএপ নম্বৰ মুকলি কৰিছে মহানগৰ আৰক্ষীয়ে।

6026901247 নম্বৰত দিব পাৰিব সন্ধান।

উল্লেখ্য যে, ২১ নৱেম্বৰত দিন দুপৰতে বাইকত অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ এজন লোকক গুলীয়াই লুটি নিছিল নগদ ধন।

মূৰত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ পৰৱৰ্তী সময়ত GMCHত মৃত্যু হৈছিল।

বেংকত ধন জমা কৰিব আহোতে মূৰত গুলীয়াছিল কাহিলিপাৰৰ ভগদত্তপুৰৰ ৰঞ্জিত বৰা নামৰ লোকজনক।

পূৰবী ডেইৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা।