অসম

মহানগৰীৰ বনভোজস্থলীত পৰিবহণ বিভাগ, আৰক্ষী, আবকাৰী বিভাগৰ অভিযান…

মহানগৰীৰ বিভিন্ন বনভোজ স্থলীসমূহত পৰিবহণ বিভাগ, আৰক্ষী, আবকাৰী বিভাগৰ অভিযান।

বনভোজত সুৰাপান কৰি যাতে কোনেও গাড়ী নচলাই তাৰ বাবে সতৰ্কীকৰণ কৰি দিছে পৰিবহণ বিভাগ তথা আৰক্ষী বিষয়াসকলে।

মহানগৰ আৰক্ষীয়ে ৰাজ্যবাসীলৈ আহ্বান জনাই টুইটযোগে কয় যে-‘নতুন বছৰ উদযাপন কৰাৰ লগতে আপুনি নিজৰ সুৰক্ষা নিশ্চিত কৰক। আপোনাৰ প্ৰিয়জনৰ সৈতে প্ৰতিদিনেই এক প্ৰীতিভোজ! অনুগ্ৰহ কৰি সুৰক্ষা প্ৰট’ক’ল সম্পূৰ্ণকৈ অনুসৰণ কৰক যাতে সকলোৱে সুস্থ ও সুখী হৈ নৱবৰ্ষক আদৰণি জনাব পাৰে।’

উল্লেখ্য যে, বনভোজলৈ আহি সুৰাপান কৰাত বাধা নাই যদিও চালকে সুৰাপান কৰিব নোৱাৰিব বুলি মন্তব্য অভিযানকাৰী দলৰ।

ইফালে, বনভোজস্থলীসমূহত সাধাৰণ পোছাক পৰিধান কৰি ঘূৰি আছে আৰক্ষী আৰু পৰিবহণ বিভাগৰ দল। কোনো অপ্রীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বিভাগ কেইটাই।

Leave a Reply

Your email address will not be published. Required fields are marked *