মহানগৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত দুজন বাইক আৰোহী।
উলুবাৰী উৰণীয়া সেতুৰ তলত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS19N5298।
গুৱাহাটী ক্লাবৰ দিশৰ পৰা উলুবাৰী অভিমুখে আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বাইকখন।
নিয়ন্ত্রণ হেৰুৱাই উৰণীয়া সেতুৰ তলৰ ডিভাইডাৰত খুন্দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
একেখন বাইকতে আহিছিল নিহত দুই যুৱক দুজন।









