অসম

ম’বাইল এপৰ ব্যৱহাৰ নজনাৰ বাবেই নিজকে শেষ কৰি দিলে এগৰাকী প্ৰধান শিক্ষকে…

এক শোকাৱহ ঘটনা।

ম’বাইল এপৰ ব্যৱহাৰ নজনাৰ বাবেই নিজকে শেষ কৰি দিলে এগৰাকী প্ৰধান শিক্ষকে।

লখিমপুৰৰ বিহপুৰীয়াত সংঘটিত হৈছে এই কৰুণ ঘটনা।

লখিমপুৰৰ বিহপুৰীয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

সন্তপুৰ গাঁৱৰ প্ৰধান শিক্ষকজনৰ নাম আছিল গোপাল চন্দ্ৰ শৰ্মা।

ক’লাবিল মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল গোপাল চন্দ্ৰ শৰ্মা।

মৃতদেহৰ লগতে উদ্ধাৰ হৈছে এখন টোকা।

আত্মহত্যাৰ টোকা খনত তেওঁ স্পষ্টকৈ লিখিছে যে- বিদ্যালয়ৰ বিভিন্ন কামৰ হেঁচা আৰু ম’বাইলৰ এপৰ হেঁচা আৰু তাৰ বিপৰীতে মোবাইল চলাব নজনাৰ বাবেই এই চৰম সিদ্ধান্ত লয়।

উল্লেখ্য যে বৰ্তমান প্ৰচলন কৰা ডিজিটেল চিষ্টেমৰ লগত সু পৰিচয় নথকাৰ বাবেই এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *