মন বেয়া লাগিলে কি কৰে সাংসদ পলৱলোচন দাসে, তেওঁৰ বাবে ভূপেন বৰা কি? উত্তৰ দিলে প্ৰশ্নৰ…

নিউজ ডেস্ক। মন বেয়া লাগিলে কি কৰে বিজেপি সাংসদ পল্লৱলোচন দাসে? সংবাদ মাধ্যমৰ সন্মুখত ইয়াৰ উত্তৰ দিলে সাংসদ গৰাকীয়ে।

উল্লেখ্য যে, ৰাজ্যত এতিয়া খুবেই চৰ্চিত হৈ আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু তেওঁৰ কবিতা।

ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাক ধৰি কেইবাজনো বিজেপি নেতা শেহতীয়াকৈ ভূপেন বৰাৰ সমালোচনাত উবুৰি খাই পৰিছে।

Pallab
মন বেয়া লাগিলে কি কৰে সাংসদ পলৱলোচন দাসে, তেওঁৰ বাবে ভূপেন বৰা কি? উত্তৰ দিলে প্ৰশ্নৰ… 2

তাৰ মাজতে এইবাৰ সাংসদ পলৱলোচন দাসে কংগ্ৰেছ নেতাগৰাকীক সমালোচনা কৰে।

সাংসদ গৰাকীৰ মন বেয়া লাগিলে পূৰ্বে হেনো কমেডিয়ান কপিল শৰ্মা আৰু অসমৰ মিষ্টাৰ ৰাজকুমাৰৰ অনুষ্ঠান চাইছিল।

কিন্তু ভূপেন বৰাই কবিতা লিখিবলৈ আৰম্ভ কৰাৰে তেওঁ কপিল শৰ্মা, ৰাজকুমাৰক চাবলৈ বাদ দি মন বেয়া লাগিলে ভূপেন বৰাকে চাবলৈ আৰম্ভ কৰিছে।

পলৱ লোচন দাসৰ মতে, কপিল শর্মাতকৈও ভাল কমেডি কৰে কংগ্ৰেছ নেতা ভূপেন বৰাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাই ভূপেন বৰাক ৰাজনীতিৰ জনী লিভাৰ বুলি আখ্যা দিছিল।

Leave a Comment