নিউজ ডেস্ক। এক সম্ভাব্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।
মন্ত্ৰী কেশৱ মহন্তই যাত্ৰা কৰা হেলিকপ্টাৰত যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰী অৱতৰণ।
জানিব পৰা মতে, সােমবাৰে পুৱা ৯.৩੦ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা তামুলপুৰলৈ উৰা মাৰিছিল মন্ত্ৰী কেশৱ মহন্তই।
কিন্তু তামুলপুৰলৈ গৈ নাপাওঁতে আকাশ মাৰ্গতে হেলিকপ্টাৰখনত যান্ত্ৰিক বিজুতি ঘটে।
ইয়াৰ পাছতে পায়লটে গন্তব্য স্থানৰ পৰিৱৰ্তে পুনৰ ওভতাই বিমানবন্দৰলৈ আনি জৰুৰী অৱতৰণ কৰে হেলিকপ্টাৰখন।
হেলিকপ্টাৰখনত আছিল মন্ত্ৰী কেশৱ মহন্তসহ ৫ জন লােক।









