কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া, ADCৰ সন্মিলন।
সন্মিলনত বিষয়াসকলৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ৰাজহ চক্ৰ বিষয়াসকলক মাটিৰ ফাইল পৰি থকাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
কামৰূপ গ্ৰাম্যত পৰি আছে ৬৭০ টা ফাইল। কামৰূপ মহানগৰত পৰি আছে প্ৰায় ৬০০০ ফাইল।
কামৰ বিনিময়ত কোনো লোকে ধন ল’ব নোৱাৰিব বুলি সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ।
সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ পৰামৰ্শ।
পৰি থকা ফাইলসমূহ ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
ৰাজহ বিভাগৰ কাৰ্যালয়ত দালালক দেখিলেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে। সমানেই বিভাগৰ সকলো আমোলা-বিষয়াক ইটোৰ পিছত সিটো কঠোৰ সকীয়নি।
এতিয়াৰে পৰা ভূমিৰ আবণ্টন দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব।
১২৫০খন মেপ হেৰাইছে অথবা নষ্ট হৈ গৈছে। মেপ নষ্ট হোৱা ঠাইক ‘মিছন বসুন্ধৰা’ৰ অন্তৰ্ভুক্ত কৰা হ’ব।
২ অক্টোবৰত আৰম্ভ হ’ব বসুন্ধৰা প’ৰ্টেল।
গান্ধীজয়ন্তীৰ দিনটোৰ পৰা অসমৰ ভূমি সংস্কাৰৰ ক্ষেত্ৰত আৰম্ভ হ’ব এক নতুন অধ্যায়ৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এক নতুন ব্যৱস্থা মুকলি কৰাৰ সিদ্ধান্ত লৈছে ৰাজহ বিভাগে। মুকলি হ’ব মিছন বসুন্ধৰা।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মণ্ডল অফিচত দালালী নচলিব। যিয়েই য’তেই দালালী কৰিব, তাতেই গ্ৰেপ্তাৰ কৰা হ’ব। দালাল সকলক গামোচা পিন্ধাই সোনকালে বিদায় দিয়ক।
মাটি বিক্ৰীৰ অনুমতি প্ৰদানত ৭ দিনতকৈ অধিক সময় ল’ব নোৱাৰিব। অসমৰ সংস্কৃতি সলনি হ’ব লাগিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিষয়াৰে দালালৰ সম্পৰ্ক থাকিলে প্ৰশাসনিক ব্যৱস্থাটোৱেই নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
Mission Basundhara aims to make functioning of Circle Offices transparent while ensuring all land related works are done smoothly for people.
— Himanta Biswa Sarma (@himantabiswa) September 7, 2021
Have assured complete support to Circle Officers for timely implementation of the project.
Hon Min Sri @JogenMohanAssam was also present pic.twitter.com/YrjtVuh0BL









