অসম

মণিপুৰত এম্বুছত শ্বহীদ অসম সন্তান সুমন স্বৰ্গীয়াৰী, বাসগৃহত শোকাকুল পৰিৱেশ…

শনিবাৰে মণিপুৰৰ ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা ভয়ংকৰ এম্বুচত কেইবাগৰাকীও জোৱান নিহত হয়।

এই আক্ৰমণত শ্বহীদ হয় অসম বীৰ সন্তান সুমন স্বৰ্গীয়াৰী।

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰ বাক্সা জিলাৰ থৈকাৰাকুছিত।

প্ৰায় ৮বঠছৰৰ পূৰ্বে আসাম ৰাইফলছত যোগদান কৰিছিল শ্বহীদ সুমনে।

এই চুৰচান্দপুৰত পিপ’লছ লিবাৰেচন আৰ্মীৰ এম্বুছত সুমন স্বৰ্গীয়াৰী নিহত হোৱাৰ তথ্য লাভ কৰাৰ পাছতেই শ্বহীদগৰাকীৰ বাসগৃহত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।

মৃত্যুৰ সময়ত সুমনে তেওঁ বৃদ্ধা মাতৃৰ লগতে পত্নী আৰু এটি দুবছৰীয়া সন্তানক এৰি থৈ যায়।

সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ পাছতে এতিয়া বাক্সা জিলাৰ সীমামূৰীয়া টিহুৰ থৈকাৰাকুছি কাহিবাৰীৰ ঘৰখনত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

বিষয়া সমন্বিতে সেনাৰ এটা দল স্বৰ্গীয়াৰী বাসগৃহত উপস্থিত হৈ পত্নী পৰিয়ালক সমবেদনা জ্ঞাপন কৰা লগতে আজি দিনৰ ভাগতে যে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ গৃহভূমিলৈ অনা হব এই বিষয়ে অৱগত কৰে।

উল্লেখ্য যে, শনিবাৰে মণিপুৰত আছাম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী অনুজা ত্ৰিপাঠী আৰু ছবছৰীয়া পুত্ৰ অবীৰ ত্ৰিপাঠী নিহত হয়।

আনহাতে, এই এম্বুছত নিহত আন চাৰিজন আসাম ৰাইফলছৰ জোৱান হৈছে সুমন স্বৰ্গীয়াৰী, খাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *