অসম

‘মই হত্যা কৰা নাই, আৰক্ষীৰ কোবত মই হত্যাৰ কথা স্বীকাৰ কৰিছিলোঁ’-বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ…

বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ।

বেলতলাৰ চাৰ্ভেৰ বৰুৱা দম্পত্তীৰ হত্যাৰ কথা সংবাদমাধ্যমৰ আগত অস্বীকাৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ।

কিছুদিন পূৰ্বে গুৱাহাটীস্থিত বেলতলাত সংঘটিত হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

শোৱাপাটীতে উদ্ধাৰ হৈছিল নীনগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ মৃতদেহ।

এই হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কেয়াৰটেকাৰ আকাশ চৌধুৰী।

আৰক্ষীয়ে চলোৱা মাৰাথান জেৰাৰ পিছত আকাশে স্বীকাৰ কৰিছিল হত্যাকাণ্ডৰ কথা।

কিন্তু সোমবাৰে আদালতত হাজিৰ কৰা সময়ত বিস্ফোৰক স্বীকাৰোক্তি আকাশ চৌধুৰীৰ।

তেওঁ কয়- ‘মই হত্যা কৰা নাই। আৰক্ষীৰ কোবত মই হত্যাৰ কথা স্বীকাৰ কৰিছিলো।’

লগতে কয়- ‘মই হাজিৰা কৰি খোৱা মানুহ, ‘মই হত্যা কৰা নাই, মই কিয় মাৰিম? মই সাধাৰণ মানুহ, মই হত্যা কৰা নাই।’

আকাশে আৰু কয়- ‘আৰক্ষীয়ে মোক মাৰি মাৰি খোজ কাঢ়িব নোৱাৰা কৰি দিছিল। মই বাচ্চাৰ শপত খাই কৈছো মই বৰুৱা দম্পত্তিক হত্যা কৰা নাই।’

Leave a Reply

Your email address will not be published. Required fields are marked *