‘মই অতি শীঘ্ৰে আলফা (স্বাঃ) যোগদান কৰিম’-চৰকাৰৰ বিৰুদ্ধে ক্ষোভ এজন যুৱকৰ…

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি আলফা স্বাধীনত যোগদানৰ হুংকাৰ এগৰাকী যুৱকৰ।

মূল্য বৃদ্ধিৰ ফলত আৰ্থিকভাৱে কোঙা হৈ পৰা এজন যুৱকৰ সামাজিক মাধ্যমযোগে কৰা মুকলি মন্তব্য এটা ভাইৰেল হৈ পৰিছে।

সামাজিক মাধ্যমত মানস বৰগোঁহাই নামৰ যুৱকজনে লিখিছে-  ‘মই অতি শীঘ্ৰে “আলফা” স্বাধীনত যোগদান কৰিম। এই চৰকাৰখনে অকল আমাৰ অসমীয়া সকলক প্ৰতাৰণা কৰি আহিছে। চলা খোৱা সকলো পথ বন্ধ কৰি দিছে।’

Capture 73

আনহাতে সামাজিত মাধ্যমত যুৱৰজনৰ এটা অডিঅ ক্লিপো ভাইৰেল হৈ পৰিছে। 

য’ত মানস নামৰ যুৱকজনে নিজৰ আৰ্থিক দুৰৱস্থাৰ বিষয়ে সদৰি কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

অডিঅ ক্লিপটোত যুৱকজনে কয়- ‘আত্মহত্যা কৰাৰো সাহস নাই, চৰকাৰৰ ফালৰ পৰাও আজিকোপতি কোনো ধৰণৰ সহায় লাভ নকৰিলো। ওলোটাই সকলোতে মূল্য বৃদ্ধিৰ কোব। সেয়ে শেষ পন্থা হিচাপে জাতিৰ স্বাৰ্থত এই চৰম সিদ্ধান্ত লোৱাৰ বাবে আগবাঢ়িছো।

বৰ্তমানে সকলো ফালে কেৱল ধাৰ। বাৰে বাৰে ব্যৱসায়ত হাত দিও বিফল হব লগা হৈছে। কৰণাৰ ফলত অহা লকডাউনে বাৰে বাৰে কোব দিয়াৰ ফলত বেয়াকৈ আৰ্থিক সমস্যাত পৰিয়ে এই সিদ্ধান্তৰ দিশে আগবঢ়া বুলি কয় মানস বৰগোঁহাই নামৰ যুৱকজনে।

Leave a Comment