ভয়াৱহ বান পৰিস্থিতিঃ শিলচৰত নাৱত উঠি বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্রীৰ…

বলিয়া বানে সৰ্বস্বান্ত কৰিলে ৰাজ্যবাসীক।

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত লাখ লাখ জনতা এতিয়াও আছে বানৰ কবলত।

শিলচৰতো বলিয়া বানে চলাইছে সংহাৰী ৰূপ।

সেয়ে আজি পুনৰ বান পৰিস্থিতি বুজ ল’বলৈ শিলচৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কাছাৰৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ কৰিব মুখ্যমন্ত্রী শৰ্মাই।

৩দিনৰ ভিতৰতে মুখ্যমন্ত্রীৰ দ্বিতীয়বাৰলৈ কাছাৰ যাত্রা।

শিলচৰ চহৰৰ বান পৰিস্থিতিও পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্রীয়ে।

নাৱত উঠি শিলচৰৰ ইমূৰৰ পৰা সিমূৰলৈ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।

জিলা প্রশাসনৰ সৈতে পৰ্যালোচনা বৈঠকতো অংশ ল’ব মুখ্যমন্ত্রী শৰ্মাই।