ভয়ংকৰ ভূমিস্খলন! ভূমিস্খলনত কৰুণ মৃত্যু এজন শ্ৰমিকৰ, আহত দুজন…

হাইলাকান্দিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

ভূমিস্খলনৰ ফলত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় এগৰাকী শ্ৰমিকৰ।

ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকজন আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হয়।

হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত কইয়া জংলি টিলাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা আনোৱাৰ হুছেইনে মাটি কাটি থকাৰ সময়তে হঠাৎ সংঘটিত হয় এই ঘটনা।

আনহাতে ৰতন শুক্লবৈদ্য আৰু সইদুল ইছলাম লস্কৰ নামৰ আন দুজন লোক আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হয়।

ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত লালা আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Leave a Comment