ভয়ংকৰ ভূমিস্খলনৰ কবলত ডিমা হাছাও, বাতিল কেইবাখনো ৰে’ল…

ভয়ংকৰ ভূমিস্খলনৰ কবলত পাহাৰীয়া জিলা ডিমা হাছাও।

প্ৰবল বৃষ্টিপাত আৰু ইয়াৰ ফলত হোৱা ভূমিস্খলনৰ বাবে শিলচৰ-লামডিঙৰ মাজত ৰে’লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে।

Image

উত্তৰ পূব ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি- গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, শিয়ালদাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা-বেংগালুৰু হামচফৰ এক্সপ্ৰেছ, ৰাণী কমলাপতি-আগৰতলা স্পেচিয়েল ট্ৰেইন, নতুন দিল্লী-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, আগৰতলা-দেউঘৰ এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আদি কেইবাখনো ৰে’ল বাতিল কৰা হৈছে।

SibRRigw?format=jpg&name=small

উল্লেখ্য যে, ১৪ মে’ তাৰিখে যাত্ৰা কৰা দুখনকৈ ৰে’ল ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে।

নিউ হাফলঙত আবদ্ধ হৈ আছে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু ডিটোকচেৰাত আবদ্ধ হৈ আছে শিলচৰ- গুৱাহাটী এক্সপ্ৰেছ।

siPcV71W?format=jpg&name=small

ৰে’ল কৰ্তৃপক্ষই দুয়োখন ৰে’লৰ আবদ্ধ যাত্ৰীসকলৰ বাবে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Comment