অসম

ভয়ংকৰ পথ দূৰ্ঘটনা, ৰাস উৎসৱত নাচিবলৈ আহি প্ৰাণ হেৰুৱালে মাম্পীয়ে…

ৰাসৰ আনন্দ উল্লাসৰ মাজতে কামপুৰত এক শোকাৱহ পথ দূৰ্ঘটনা।

দূৰ্ঘটনাত ঠাইতে নিহত এগৰাকী ছাত্ৰী।

কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৰাস নাচিবলৈ আহি ছাত্ৰীগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লয়।

মৃত্যু হোৱা ছাত্ৰী গৰাকী কামপুৰ মহগৰীয়াআটিৰ মাম্পী বৰা।

মিন্টু বৰাৰ কণ্যা মাম্পী কামপুৰ মাধৱ কন্দলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী।

উল্লেখযোগ্য যে, দেউতাকৰ লগত ৰাস পথাৰলৈ স্কুটীৰে আহি থাকোতেই তীব্ৰ বেগত অহা ডাম্পাৰে মহতিয়াই নিয়ে স্কুটীখন।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ AS02CC 5357।ইফালে দূৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ খন এৰি চালকজনে পলায়ন কৰে।

ইতিমধ্যে আৰক্ষীয়ে যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *