ভয়ংকৰ পথ দুৰ্ঘটনা! BSF-ৰ বাহনে মহতিয়াই নিলে ই-ৰিক্সা, থিতাতে নিহত এগৰাকী মহিলা…

এক ভয়ংকৰ পথ দুৰ্ঘটনা!

BSF-ৰ বাহনে মহতিয়াই নিলে ই-ৰিক্সা, থিতাতে নিহত এগৰাকী মহিলা।

গোলকগঞ্জৰ কানুৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

নিহত মহিলাগৰাকী গোলাপজান বেওৱা (৬০) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে গোলকগঞ্জৰ ৰাখালপাট অভিমুখে গৈ থকা ই-ৰিক্সা এখনক বিপৰীত দিশৰ পৰা অহা ডব্লিউ বি ০২ ভি ৬৮১৬ নম্বৰৰ জিপচী বাহন এখনে খুন্দা মাৰে।

ফলত ই-ৰিক্সাখনত থকা গোলাপজান বেওৱা (৬০) নামৰ বৃদ্ধা গৰাকীৰ মৃত্যু হোৱাৰ লগতে ৪ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়।

মৃত গোলাপজান বেওৱা গোলকগঞ্জৰ উচিতা গাঁৱৰ স্বৰ্গীয় আব্দুল হামিদৰ পত্নী।