অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! ৰাস্তাৰ কাষত ৰৈ থকা যাত্ৰীবাহী অটোত খুন্দা ডাম্পাৰৰ, নিহত ৩জন

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাস্তাৰ কাষত ৰৈ থকা যাত্ৰীবাহী অটোত খুন্দা ডাম্পাৰৰ, নিহত ৩জন লোক।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাট-সাপটগ্ৰাম সংযোগী পথৰ হাতীধূৰা নামৰ ঠাইত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, এএছ ১৫ এচি ১৭৩৪ নম্বৰৰ অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ এখনে এএছ ১৬ চি ৬৩৪০ নম্বৰৰ ৰাস্তাৰ কাষত ৰৈ থকা যাত্ৰীবাহী অটো এখনৰ পিছফালে খুন্দা মাৰে।

যাৰ ফলত দুজন যাত্ৰী ঘটনাস্থলিতে নিহত হোৱাৰ লগতে মূমূৰ্ষ অৱস্থাত এজন যাত্ৰী চিকিত্‍সালয়ত মৃত্যু হয়।

মৃত যাত্ৰী দুজন ক্ৰমে নয়াহাট আৰক্ষী চকীৰ অন্তুৰ্গত তুষপাৰা গাঁৱৰ ত্ৰিশ বছৰীয়া ছায়েদ আলী আৰু আন জন পাটিমাৰী গাঁৱৰ বত্ৰিশ বছৰীয়া কপিল আলী বুলি জনা গৈছে।

ৰাইজৰ অভিযোগ, দিনক দিনে এই অবৈধ শিল-বালি কঢ়িওৱা ট্টাক-ডাম্পাৰ সমূহক বণবিভাগে নাকি লগোৱাত ব্যৰ্থ হোৱাত এই সমূহ ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম বাঢ়িগৈ আছে যাৰ ফলত সময়ে সময়ে এনেকুৱা দূৰ্ঘটনা সংঘটিত হ’বলৈ পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *