ভয়ংকৰ পথ দুৰ্ঘটনা! ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এগৰাকী পথচাৰী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এগৰাকী পথচাৰী।

সোণাপুৰত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এগৰাকী পথচাৰী।

বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ।

মঙলবাৰে পুৱা ১১.৩০ মান বজাত সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট আৰক্ষী চকীৰ সন্মুখত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01 EC 0965।

পথচাৰীজনে পথ পাৰ হ’বলৈ লওঁতেই গুৱাহাটীৰ পৰা সোণাপুৰ অভিমুখী তীব্ৰবেগী মালবাহী ট্ৰাকখনে মহতীয়া নিয়ে। ফলত থিতাতে নিহত হয় পথচাৰীজন।

ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ GMCHলৈ প্ৰেৰণ কৰাৰ লগতে ট্ৰাকখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।