ভয়ংকৰ পথ দুৰ্ঘটনা! বাইকৰ পিছফালে প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, গুৰুতৰভাৱে আহত পিতা-পুত্ৰ

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইকৰ পিছফালে প্ৰচণ্ড খুন্দা চাৰিচকীয়া হোণ্ডাই ছেন্ট্ৰ’ বাহনৰ।

বৰপেটা জিলাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, AS01EP3229 নম্বৰৰ হোণ্ডাই ছেন্ট্ৰ’ বাহনখনে AS15 HH4424 নম্বৰৰ বাইকখনক পিছফালে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী পিতা-পুত্ৰ।

দুৰ্ঘটনাটোৰ ফলত পিতৃ হাচমৎ আলীৰ গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ বাইক আৰোহী হচমৎ আলীক।

ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখে।