অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰ আৰু চাউল ভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰ আৰু চাউল ভৰ্তি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।

বঙাইগাঁৱৰ চাপৰাকাটাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

image 21

জানিব পৰা মতে, চাউলভৰ্তি ট্ৰাকখনে এটা কেঁকুৰী পাৰ হ’ব লওঁতেই বিপৰীত দিশৰ পৰা অহা ডাম্পাৰ খনৰ সৈতে মুখামুখী সংঘৰ্ষ হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ডাম্পাৰখনৰ খনৰ ভিতৰত দুগৰাকীকৈ লোক আৱদ্ধ হৈ পৰে।

ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ দুয়োগৰাকী লোককে বহু চেষ্টাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰে, গুৰুতৰভাৱে আহত ডাম্পাৰখনৰ চালক জিয়াৰুল হকসহ আন আনজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।

দুৰ্ঘটনাটোৰ ফলত ২ ঘণ্টা ধৰি যাতায়ত বন্ধ হৈ পৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

Leave a Reply

Your email address will not be published. Required fields are marked *