ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক, নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুজনকৈ যুৱক।

ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে আন এজন যুৱক।

জানিব পৰা মতে, এখন বাইকত তিনিজন যুৱকে ৰৌতা অভিমুখে গৈ থকাৰ সময়তে এখন তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা মহতিয়াই নিয়ে।

যাৰ ফলত থিতাতে নিহত হয় প্ৰেম ইক্কা আৰু তৰুণ তুৰ্কী নামৰ দুজন যুৱক।

আনহাতে আহত হৈছে বৰথনেমিয় কুৰ্জুৰ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 23BC 1144

আনহাতে দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ হৈছে AS 27B 7449

সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।