ভয়ংকৰ পথ দুৰ্ঘটনাঃ বাছ-ট্ৰাকৰ সংঘৰ্ষত ৩৫ জন লোক আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাছ-ট্ৰাকৰ সংঘৰ্ষত ৩৫ জন লোক আহত

এই ঘটনা দেওবাৰে সংঘটিত হয় হিমাচল প্ৰদেশৰ চলান জিলাত।

সূত্ৰ অনুসৰি, দেওবাৰে ১১:৩০ মান বজাত জাবলি ধৰমপুৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়।

তিনিজন লোক আহি থকা এখন দ্ৰুত বেগী ট্ৰাকে বাছৰ পিছফালে খুন্দা মৰাত এই ঘটনাটো সংঘটিত হয়।

বাছখনত ৩২ জন যাত্ৰী আছিল বুলি জানিব পৰা যায়।

বাছখন চণ্ডীগড়-বাউণ্ড অভিমুখে গৈ থকাৰ বিপৰীতে ট্ৰাকখন গৈ আছিল কালকা অভিমুখে।

দুৰ্ঘটনাটোৰ পিছতেই ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।

আহত সকলক ধৰমপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে শিশু সহ চাৰিজনক সংকটজনক অৱস্থাত চলান জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Leave a Comment