ভয়ংকৰ দুৰ্ঘটনা! ৰৈ থকা ট্ৰাকত খুন্দিলায়ে আৰক্ষী কঢ়িওৱা বাছে, মহিলা কনিষ্টবলসহ ১২ আৰক্ষী আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰৈ থকা ট্ৰাকত খুন্দিলায়ে আৰক্ষী কঢ়িওৱা বাছে।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় মহিলা কনিষ্টবলসহ ১২ গৰাকীকৈ আৰক্ষীৰ লোক।

হাজোৰ বেজপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

গুৱাহাটী দিশৰ পৰা গৈ থকা এখন আৰক্ষী কঢ়িওৱা বাছে পিছফালৰ পৰা এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

বাছখন গুৱাহাটী আৰক্ষী ছাউনীৰ পৰা হাজো-বৰপেটা পথ হৈ কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাতে বেজপাৰাত দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চিৰাঙৰ বাসুগাঁও আৰক্ষী থানাৰ SI মতিলাল সিং, কোকৰাঝাৰৰ বগৰীবাৰী আৰক্ষী থানাৰ ASI আনোৱাৰ হুছেইন।

image 180
ভয়ংকৰ দুৰ্ঘটনা! ৰৈ থকা ট্ৰাকত খুন্দিলায়ে আৰক্ষী কঢ়িওৱা বাছে, মহিলা কনিষ্টবলসহ ১২ আৰক্ষী আহত... 2

লগতে আঘাতপ্ৰাপ্ত হৈছে কোকৰাঝাৰৰ মহিলা কনিষ্টবল আৰু হাবিলদাৰ ক্ৰমে অংশুমণি ইছলাৰী, সোণতি বসুমতাৰী, ৰূপা ভট্টাচাৰ্য, কৃষ্ণা চৌধুৰী, কমলা বিশ্বাস, স্বাতী ৱাৰী, অঞ্জুমা বৰগয়াৰী আৰু চিমাংশ্ৰী কচাৰী।

আহত আটাইকেইগৰাকীকে ততাতৈয়াকৈ হাজো বিষ্ণুৰাম মেধি সামুহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়। যদিও ইয়াৰ মাজৰ কেইবাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক উন্নত চিকিৎসাৰ বাবে GMCHলৈ যোৱাৰ পৰামৰ্শ দিয়ে।

দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নম্বৰ হৈছে AS-01GC-9134 ।