ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ বাহনৰ ওপৰত বাগৰি পৰিল মালবাহী ট্ৰাক, থিতাতে নিহত এজন…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ বাহনৰ ওপৰত বাগৰি পৰিল মালবাহী ট্ৰাক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বলেৰ’ বাহন খনৰ চালক।

গোৱালপাৰা জিলাৰ ধূপধৰাৰ দেওশিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, গৰু এটাক বছাবলৈ চেষ্টা কৰোঁতেই বলেৰ’ বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পেপাৰ ৰোলা ভৰ্তি বাৰ চকীয়া ট্ৰাক।

ট্ৰাকখন বাগৰি পৰাৰ ফলত চেপেটা হৈ পৰে বলেৰ’ বাহনখন।

দুয়োখন বাহন গুৱাহাটী অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ বি আৰ ০৪ জি এ- ৬১৪২। আনহাতে বলেৰ খনৰ নম্বৰ এম এল ০৮ এইচ-৯৪৩৩।

নিহত বলেৰ চালকজনৰ নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে বলেৰ খনৰ পৰা উদ্ধাৰ কৰাৰ লগতে চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে।