ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৫ যাত্ৰীসহ ব’ল ব’মৰ বাবে যোৱা বাহন পৰিল দ’ খাৱৈত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৫ যাত্ৰীসহ ব’ল ব’মৰ বাবে যোৱা বাহন পৰিল দ’ খাৱৈত।

বিজনীৰ পুৰাকলা উলুবাৰী পথৰ পুৰাকলা পথাৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, চালকসহ পাঁচজন যাত্ৰী ব’ল ব’মৰ বাবে গৈ আছিল। তেনে সময়তে নিয়ন্ত্ৰণ হেৰুৱাই AS 01MA 5878 নম্বৰৰ ছুইফট ডিজিয়াৰ বাহনখন পথৰ দাঁতিত থকা দ’ খাৱৈত বাগৰি পৰে।

ব’ল ব’মৰ উদ্দেশ্যে বেটবাৰীৰ পৰা পশ্চিম বংগৰ জলাপাইগুৰীলৈ যাত্ৰা কৰিছিল বাহন খনে।

বাহন খনত আছিল- সঞ্জীত সৰকাৰ(চালক), ৰঞ্জিত বিশ্বাস, সঞ্জয় মজুমদাৰ, ৰবি সৰকাৰ আৰু বিশ্বজিৎ মণ্ডল।

দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে আটাইকেইজনৰে।

অৱশ্যে দুৰ্ঘটনাটোৰ ফলত কেউজনেই কম বেছি পৰিমানে আহত হয়।