ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, দুজনৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় পথৰ কাষৰ গছত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত দুজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন দুজন।

মৰিগাঁও জিলাৰ ধৰ্মতুল থানাৰ অন্তৰ্গত আমচৈ গেটৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় পথৰ পৰা উফৰি গৈ এজোপা গছত খুন্দা মৰাৰ ফলতেই দুর্ঘটনাটোত সংঘটিত হয়।

ফলত থিতাতে চালকসহ এজন আৰোহীৰ মৃত্যু হয়। মৃত লোক দুজন হ’ল মুকুট দাস (৬০) আৰু চালক নয়ন দাস (৩৫)।

আনহাতে দুর্ঘটনাটোত সামান্য আঘাতপ্ৰাপ্ত হৈছে মুকুট দাসৰ দুই কন্যা। আতাইৰে ঘৰ বাক্সাৰ খন্দিকৰত।

নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এএছ-০১ ডিএফ-৬৫৪৪ নম্বৰৰ গাড়ীখনে গৈ থকা অৱস্থাতে ধৰ্মতুল আমচৈ গেটৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

দীক্ষাৰ চাকৰিৰ ইণ্টাৰভিউ দিবলৈ নগাঁৱলৈ গৈছিল আটাইকেইজন।