অসম

ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে দুই বাইক আৰোহীয়ে…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে দুই বাইক আৰোহীয়ে।

নগাঁৱৰ উৰিয়াগাঁৱত মঙলবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

গুৱাহাটীৰ দিশৰ পৰা উজনি অসম অভিমুখে বাইকত গৈ থকা যুৱক দুজনক বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

মৃত যুৱকদ্বয়ৰ এজনক ৰিংকু মেধী বুলি চিনাক্ত কৰে আৰক্ষীয়ে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালকে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃত যুৱক দুজনে ব্যৱহাৰ কৰা বাইকখন ট্ৰাকৰ চেপাত চূৰ্ণ-বিচুৰ্ণ হৈ পৰে।

উল্লেখ্য যে, উৰিয়াগাঁৱৰ পৰা পুৰণিগুদামৰ কাষৰি গাঁৱলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো একাংশ ট্ৰাক চালকে নিশা ভুল দিশত বাহন চলোৱাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *