ভয়ংকৰ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ শিশু, পিতৃ-মাতৃসহ ৪ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বিদ্যুৎস্পৃষ্ট হােৱা এটি কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু পিতৃ-মাতৃসহ শিশুটিৰ।

লগতে এজন প্ৰতিবেশী যুৱকেও প্ৰাণ হেৰুৱায় এই কৰুণ ঘটনাত।

এই ঘটনা সংঘটিত হ’ল হাইলাকান্দিৰ কাটলিছেৰা সমষ্টিৰ অন্তৰ্গত বিলাইপুৰত।

মৃত শিশুটিৰ নাম ৰাজিবুল হুছেইন শ্বেইখ।

শিশুটিৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ পিতৃ-মাতৃ ক্ৰমে ছুফিয়ান হুছেইন শ্বেইখ আৰু হুছনাৰা বেগম শ্বেখৰ লগতে প্ৰতিবেশী যুৱক জাহিদ হুছেইন শ্বেখৰ মৃত্যু ঘটে।

জানিব পৰা মতে, লালা থানাৰ এলেকাধীন বিলাইপুৰ গাঁৱত ঘৰৰ কাষতে পথৰ ওপৰত ছিঙি পৰা এটা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি প্ৰথমে বিদ্যুৎস্পৃষ্ট হৈ শিশুটি।

ইয়াৰ পিছতে শিশুটিৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ পিতৃ-মাতৃৰ লগতে প্ৰতিবেশী যুৱকজন বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকােৱালি লয়।

এই ঘটনাত পৰিয়ালটােৰ আন দুজন লােকাে বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

এই ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে হাইলাকান্দিত।

স্থানীয় লােকে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই অঞ্চলটােত সঘনাই বিদ্যুতৰ তাঁৰ বিচ্ছিন্ন হৈ বহু লােকৰ প্ৰাণহানি হােৱা বুলি প্ৰকাশ কৰিছে।

ৰাইজে ভুক্তভােগী পৰিয়াললৈ সাহায্য প্ৰদানৰ বাবেও চৰকাৰলৈ দাবী জনাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! প্ৰতিবেশী ৰাজ্যত অসমৰ অন্তঃসত্বা মহিলা আৰু স্বামীক নৃশংস হত্যা দুৰ্বৃত্তৰ

G6
ভয়ংকৰ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ শিশু, পিতৃ-মাতৃসহ ৪ জনৰ মৃত্যু 2