ভয়ংকৰ ঘটনা! কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে ৪ শ্ৰমিকে, এজনৰ অৱস্থা সংকটজনক…

এক ভয়ংকৰ ঘটনা।

কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে ৪ শ্ৰমিকে, এজনৰ অৱস্থা সংকটজনক।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে হাইলাকান্দি জিলাৰ আলাগাপুৰ।

শনিবাৰে আলগাপুৰত এটা কুঁৱা চাফা কৰি আছিল ৪ জন লোকে, কিন্তু হঠাৎ দুৰ্ভাগ্যক্ৰমে প্ৰাণ হেৰুৱাব লগা হয় চাৰিজন লোকে।

নিহত লোক কেইজন ক্ৰমে ৰছিদ আহমেদ, নাজিম উদ্দিন, আবু চুহেল আৰু তাছলিব উদ্দিন বুলি চিনাক্ত কৰিছে।

ঘটনাস্থলীত SDRFএ বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰে লোক কেইজনৰ মৃতদেহ।

লগতে সংকটজনক অৱস্থাত উদ্ধাৰ কৰে হাচিব উদ্দিন নামৰ আন এজন লোকক।

হাচিব উদ্দিনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ।