অসম

ভূ-মাফিয়াৰে জড়িত থকাৰ অভিযোগত লামডিঙৰ বন বিষয়াসহ এজন বনকৰ্মীক গ্ৰেপ্তাৰ…

লামডিঙৰ বন বিষয়াসহ এজন বনকৰ্মীক গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ কৰা হৈছে নখুঁটিৰ বন বিষয়া হাবিবুৰ ৰহমানক।

লগতে গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল কালাম নামৰ এজন বনকৰ্মীক।

দেওবাৰে নিশা হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বনবিষয়া সহ বনকৰ্মীক।

ভূ-মাফিয়াৰে জড়িত থকাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, লামডিং সংৰক্ষিত বনাঞ্চলৰ মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অব্যাহত আছে আৰক্ষীৰ অভিযান।

লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক সংস্থাপন দিয়াৰ অভিযোগত এই পৰ্যন্ত ৮ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *