অসম

ভূপেন বৰাৰ কবিতা ছন্দহীন, খহটাঃ বিধায়ক প্ৰশান্ত ফুকন…

ৰাজ্যৰ ৰাজনীতিত পুনৰ এবাৰ আৰম্ভ হৈছে কবি আৰু কবিতা বিতৰ্ক।

ৰাজ্যসভাৰ নিৰ্বাচনৰ অন্ত পৰাৰ পিছতে পুনৰ এবাৰ কবিৰ ৰূপত আত্মপ্ৰকাশ ঘটিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

তাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি পুনৰ এবাৰ আলোচনাৰ বিষয় হৈ পৰিছে ভূপেন বৰা আৰু তেওঁৰ কবিতা।

ভূপেন বৰাৰ কবিতাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক প্ৰশান্ত ফুকনে।

সংবাদ মাধ্যমৰ সন্মুখত ভূপেন বৰাৰ কবিতাৰ সমালোচক হিচাপে ভূমুকি মাৰি বিজেপি বিধায়ক প্ৰশান্ত ফুকনে কয়- ভূপেন বৰাৰ কবিতাত ছন্দ নাই, তেওঁৰ কবিতা খহটা। সেইবাবে মানুহে তেনে কবিতা নুশুনে।

ছন্দ থকা সুন্দৰ কবিতাৰ উদাহৰণ কৰি বিধায়ক প্ৰশান্ত ফুকনেও পাঠ কৰিলে এটি পুৰণি কবিতা।

তাৰ পিছত তেওঁ কয়, ‘কবিতা মানেং লক্ষ্মীনাথ বেজবৰুৱা বা যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতা নহয়, তেওঁৰ কবিতা বেসুৰা.. এনে কবিতা কোনে শুনিব? কবিতা হ’লে ছন্দ থাকিব লাগিব। ভূপেন বৰাৰ কবিতাত ছন্দ নাই, তেওঁৰ কবিতা খহটা… মানুহে এনে কবিতা নুশুনে।’

উল্লেখ্য যে, শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত ‘ৰাজসভা’ নামেৰে এটা স্বৰচিত কবিতা পাঠ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ইয়াৰ পূৰ্বেও তেওঁ ‘মই ফায়াৰ ব্ৰিগেড হম’ বুলি স্বৰচিত কবিতা পাঠ কৰি ৰাজ্যৰ ৰাজনীতিত কবিতা বিতৰ্কৰ আৰম্ভণি ঘটাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *