‘ভূতৰ মুখত ৰাম নাম’- ভূপেন বৰাক উদ্দেশ্যি কিয় ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই..?

অসম চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই দেওবাৰে দিছপুৰত এখন সংবাদমেলত কংগ্ৰেছ সভাপতি ভূপেন বৰাই চৰকাৰক নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি কৰা বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে।

পীযুষ হাজৰিকাই কয় যে, ভূপেন হাজৰিকাই অভিযোগ কৰিয়েই থাকে গতিকে এইবোৰ নতুন কথা নহয়। বৰাই দুৰ্নীতি সন্দৰ্ভত কৰা অভিযোগক মন্ত্ৰীগৰাকীয়ে ‘ভূতৰ মুখত ৰাম নাম’ আখ্যা দিয়ে। তেখেতে লগতে কয় যে ভূপেন বৰাই নিজেই টকা লৈ পদ বিক্ৰী কৰে।

মন্ত্ৰী গৰাকীয়ে কয় যে, মণ্ডল কংগ্ৰেছৰ সভাপতি পদৰ দাম যি দলত ২ ৰ পৰা ৩ লাখ টকা, কাৰ্বি আংলং, গুৱাহাটী পৌৰ নিগম তথা ৰাজ্যখনৰ পৌৰ সভাসমূহৰ নিৰ্বাচনৰ সময়ত দলীয় টিকট দিয়াৰ নামত টকা বিচৰা বুলি যি দলত সভাপতিৰ বিৰুদ্ধে অভিযোগ আনি কৰ্মীসকলে দল ত্যাগ কৰিব লগা হৈছে সেই দলৰ সভাপতি জনে অসম চৰকাৰৰ নিকা নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি হোৱা বুলি অভিযোগ অনা কথাটো ভূতৰ মূখত ৰাম নাম লোৱাৰ দৰে কথা।

মন্ত্ৰী হাজৰিকাই কয় যে, বিগত এবছৰ ধৰি কংগ্ৰেছৰ ভিতৰচৰাত পদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে, এনে অৱস্থাত তেঁওলোকৰ সভাপতিজনে ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি দেখা পোৱা কথাটো খাপচাৰা বিধৰ।

ভিক্টৰ দাসৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়- ভিক্টৰ দাসে চলাই থকা কোচিং চেণ্টাৰৰ পৰা কোনোৱে চাকৰি নাপাব বুলিয়েই এই নাটক কৰিছে। কোচিং চেণ্টাৰৰ পৰা চাকৰি নাপালে চেণ্টাৰটোৰ শিক্ষাৰ্থীয়ে হুলস্থুল কৰাৰ ভয়তে ভিক্টৰ দাসে এই নাটক ৰচনা কৰিছে।

গোৱালপাৰাৰ এজন ব্যক্তিৰ সৈতে মিলি ভিক্টৰ দাসে কোচিং চেণ্টাৰ চলাই আছে। গতিকে যদি প্ৰমাণ আছে তেন্তে প্ৰমাণ দিবলৈ ভিক্টৰ দাসক পীযুষ হাজৰিকাই আহ্বান জনায়।

মন্ত্ৰী পীযুষ হাজৰিকাই লগতে অসমৰ সকলো চাকৰি প্ৰাৰ্থীকে কোনো দালালৰ পাকচক্ৰত নোসোমাবৰ বাবে আহ্বান জনায় কয় যে, কোনো দালালেই অসমত এতিয়া আৰু চাকৰি দিব পৰাৰ পৰিৱেশ নাই।