ভাৰত-বাংলাদেশ সীমান্তত জাল নোটসহ দুজনক আটক আৰক্ষীৰ

গোলকগঞ্জ আকক্ষীৰ বৃহৎ সফলতা।

গোলকগঞ্জৰ বিন্নাছৰাত ভাৰতীয় জালনোটসহ দুজনক আটক।

ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিন্নাছৰাত আৰক্ষীৰ অভিযান।

এক গোপন সূত্ৰৰ পম খেদি ভাৰত-বাংলাদেশ সীমান্তৰ বিন্নাছৰাত চতুৰ্থ খণ্ডৰ হাৰহৰিপাৰাত অভিযান চলায় আৰক্ষীয়ে।

অভিযানত জালনোটসহ দুজনক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটােৱে।

আটকাধীন যুৱক দুজনৰ নাম ছফিকুল হক আৰু মহিবুল হক বুলি জানিব পৰা গৈছে।

যুৱক দুজনৰ পৰা ১৮হাজাৰ ৫শ টকা পাঁচশ টকীয়া ভাৰতীয় জালনোট জব্দ কৰে আৰক্ষীয়ে।

Leave a Comment