ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।
গোৱালপাৰা জিলাৰ দুধনৈত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্রণালয়ে নিৰ্মাণ কৰিব আয়ুৰ্বেদিক মহাবিদ্যালয়।
৭০ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিব মহাবিদ্যালয়খন।
শনিবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
লগতে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ১০০ খন ঔষধালয়ৰ উপৰি ১০০০ টা হেল্থ ৱেলনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰা হ’ব।
তদুপৰি নেচনেল মেডিচিন প্লাণ্ট বোৰ্ডৰ তৰফৰ পৰা ঔষধি গুণ সম্পন্ন গছ-বন তথা লতাৰ কৃষি কাৰ্যৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক সহযোগিতা আগবঢ়োৱা হ’ব সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
আনহাতে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা জালুকবাৰীত থকা অসমৰ একমাত্র আয়ুৰ্বেদিক মহাবিদ্যালয়খনক চেণ্টাৰ অৱ এক্সিলেন্স হিচাপে গঢ় দিয়া হ’ব। ইয়াৰ বাবে ১০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব জানিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সংবাদমেলত কেন্দ্ৰীয় আয়ুস মন্ত্রণালয়ৰ ৰাজ্যিক মন্ত্রী মঞ্জুপাৰা মহেন্দ্ৰভাইৰ উপৰি বিভাগীয় কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।









