ভাল খবৰ! ২২ ছেপ্টেম্বৰত ১২ হাজাৰ যুৱক-যুৱতীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্রদান কৰিব মুখ্যমন্ত্ৰীয়ে…

এক লাখ নিযুক্তি প্রদানৰ দিশে অগ্ৰসৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ।

অসম চৰকাৰে অহা ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্রার্থীক নিযুক্তি পত্র প্রদান কৰিব।

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অয়োজন কৰিব লগীয়া এক অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্যযোগ্য যে যোৱা মে’ মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান কৰা হৈছিল । ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান প্ৰক্ৰিয়া সম্পূর্ণ হ’ব৷

অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্ত পত্ৰ প্ৰদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু পৰিদর্শক পদত ৫,২০০ প্রার্থী নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব।

লোক নির্মাণ বিভাগত ২৫৬ গৰাকী সহকাৰী অভিযন্তা হিচাপে নিযুক্তি পত্ৰ প্রদান কৰা হ’ব।

উক্ত অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগসমূহত নির্বাচিত হোৱা প্রার্থীসকলক বিভিন্ন পদবীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।