ভাল খবৰ! অসম কন্যা শ্ৰেয়াই লাভ কৰিলে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ ২০২৩ৰ সন্মান…

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে এগৰাকী অসম কন্যা।

এইবাৰ অসমলৈ সু-নাম কঢ়িয়াই আনিলে বোকাজানৰ জীয়ৰী শ্ৰেয়া ভট্টাচাৰ্জিয়ে।

শ্ৰেয়াই লাভ কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ ২০২৩ৰ সন্মান।

দীৰ্ঘ সময়ধৰি তবলা বজাই ইণ্ডিয়া বুক অব ৰেকৰ্ড কৰিবলৈ সক্ষম হয় শ্ৰেয়াই।

প্ৰতিযোগিতাখনত কেইবাজনো প্ৰতিযোগিক পিছপেলাই এই সন্মান বুটলিবলৈ সক্ষম হৈছে অসম কন্যা গৰাকীয়ে।

২৩ জানুৱাৰীত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্মান প্ৰদান কৰে শ্ৰেয়াক।