অসমঅসমীয়া

ভাবা আণৱিক গৱেষণা কেন্দ্ৰ (BARC) ত যুৱ বিজ্ঞানী ৰূপে যোগদান অসমৰ মৃদুস্মিতাৰ

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক সুখবৰ।

ভাৰতীয় মহাকাশ গৱেষণাৰ প্ৰতিষ্ঠানৰ পাছত এইবাৰ দেশৰ আণৱিক গৱেষণাৰ মুখ্য কেন্দ্ৰ ভাবা আণৱিক গৱেষণা কেন্দ্ৰ (BARC)ত যুৱ বিজ্ঞানী হিচাপে যােগদান কৰিছে এগৰাকী অসম সন্তানে।

এই যুৱ বিজ্ঞানীগৰাকী হৈছে দৰং জিলাৰ মঙলদৈৰ মৃদুস্মিতা শৰ্মা।

বাল্যকালৰ পৰাই গ্ৰন্থ অধ্যয়নৰ প্ৰতি বিশেষ ৰাপ থকা মৃদুস্মিতাৰ সাফল্যত দৰংবাসী গৌৰাৱান্বিত।

BARC-15-9-2020-copy

উল্লেখ্য যে মৃদুস্মিতা শৰ্মা মঙ্গলদৈৰ পহুপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং বামুণপাৰা গাঁৱৰ প্ৰয়াত প্ৰবীণ শৰ্মা আৰু প্ৰণতি দেৱীৰ জীয়ৰী।

BARC ত যোগদান কৰা মৃদুস্মিতাই মঙলদৈৰ বামুণপাৰা বালক প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলিছিল।

2a

ইয়াৰ পাছত মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখা দ্বাদশ শ্ৰেণী আৰু স্নাতক শিক্ষা মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিভাগত অধ্যয়ন সম্পূৰ্ণ কৰে মৃদুস্মিতাই।

পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰি মৃদুস্মিতাই গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা চলাই থকা অৱস্থাতে বাছনি পৰীক্ষাত সুখ্যাতীৰে উত্তীৰ্ণ হৈ BARC ত যোগদানৰ সুযোগ লাভ কৰে।

লগতে চাওকঃ

হিমশীতল বৰফৰ বুকুত মাঘ বিহুৰ বতৰত এপাক নাচিলে BSF জোৱানে, ভাইৰেল ভিডিঅ’

G3

Leave a Reply

Your email address will not be published. Required fields are marked *